আমি জানো যে একো একোটা অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্ম হয় কিছুমান লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি। যদি সেই লক্ষ্য আৰু উদ্দেশ্য সাধনত সফল হোৱা যায় তেতিয়াহে সেই অনুষ্ঠান যুগমীয়া হয়। গতিকে যি কোনো কামৰে এটা ভাল উদ্দেশ্য থকাটো প্ৰয়োজনীয়। সেয়ে ১৯৭৯ চনৰ ১৫ আগষ্টৰ নিচিনা এটা মহান দিনত জনসেৱাকে মূল উদ্দেশ্য আৰু লক্ষ্য হিচাপে লৈ 'ক্লাব ৰাইনো' নামৰ এই অনুষ্ঠানটোক আমি কেইজনমান একেলগে পঢ়া আৰু খেলা-ধুলা কৰা বন্ধুৱে জন্ম দিওঁ। প্ৰথম কাৰ্য্যকৰী কমিটিত প্ৰয়াত গণেশ চন্দ্ৰ দাস(প্ৰাক্তন অধ্যক্ষ্য, বৰপেটা বিদ্যাপীঠ)ক আৰু প্ৰয়াত নীলিময় চৌধুৰী (তদানীন্তন মহকুমাধিপতি, বৰপেটা) দেৱক সভাপতি হিচাপে লোৱা হৈছিল। লগতে শ্ৰীবিবেকানন্দ দাসক সম্পাদক আৰু আমি বাকীকেইজন বন্ধু লগলাগি এখন কাৰ্য্যকৰি কমিতি গঠন কৰি লওঁ। স্বৰ্গীয় গণেশ চন্দ্ৰ দাসৰ পৰামৰ্শ মতে অসমৰ প্ৰতীক চিহ্নৰ নামাকৰণেৰে ক্লাবৰ নাম ৰাইনো ৰখাৰ সিদ্ধান্ত লোৱা হ'ল।